ঘিলামৰাৰ সামূহিক হুঁচৰি দল সমূহে ঘিলামৰাত বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান গঢ় দিবলৈ সমৰ্থ হৈছে। ঘাইকৈ ঘিলামৰা কৃষ্টি ভৱন, ঘিলামৰা সংগীত মহাবিদ্যালয়, সোৱনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নৰ্থ বেংক মহাবিদ্যালয় আদি ৰাইজৰ দান-বৰঙণি আৰু সেই সময়ৰ অক্লান্ত সমাজসেৱীলোকে গোৱা হুঁচৰিৰ ধনেৰে স্থাপন কৰে। সেই স্বনামধন্য ব্যক্তি সকলে সমস্ত অবিভক্ত ধেমাজি মহকুমাত হুঁচৰি গাই ৰাতিক দিন কৰি ধন সংগ্ৰহ কৰিছিল। সেই সময়ত যি সকল বয়সস্থ লোকে এই কামত আগবাঢ়ি আহিছিল তেখেত সকলৰ নাম উল্লেখ নকৰি নোৱাৰিলোঁ। অৱশ্যে এইখিনিতে কাৰোবাৰ নাম থাকি যোৱাটো স্বাভাৱিক, তাৰবাবে ক্ষমা মাৰ্জনীয় –

প্ৰথমেই নাম ল’ব লাগিব ৺সতীশ চন্দ্ৰ গগৈদেৱৰ। এইজনা ঘিলামৰা নিৰ্মাতা দূৰদৰ্শী লোকৰ নেতৃত্বত আগবাঢ়ি আহিছিল ৺কুলপ্ৰসাদ গোস্বামী, ৺হৰেন্দ্ৰ নাথ গগৈ, ৺দ্বাৰিকা নাথ ফুকন, ৺কৃষ্ণৰাম গগৈ, ৺তীৰ্থ কলিতা, ৺মোলান ভ৺ৰালী, ৺গোপাল বৰুৱা, ৺উপেন্দ্ৰ নাথ গগৈ, ৺মনোৰাম সেনাপতি, ৺বেচা দত্ত, ৺দীনেশ্বৰ ভ৺ৰালী, ৺ইন্দ্ৰেশ্বৰ দলে, ৺কান্ত খনিকৰ, ৺ধনীৰাম দিহিঙ্গীয়া, ৺ভাৱিৰাম গগৈ, ৺ভেৰৌ সিং, ৺গা৺ৱলীয়া চাংমাই, ৺খুতৰা ভ৺ৰালী, ৺লম্বোদৰ গগৈ, ৺ভলোকা চাংমাই, ৺পূৰ্ণ আগৰৱালা, ৺মনপুৰ চেতিয়া, ৺প্ৰেমচন্দ্ৰ বৰুৱা, ৺গিৰিশ ভ৺ৰালী, ৺ফণীধৰ হাজৰিকা, ৺বিজয় হাজৰিকা, ৺সত্যনাৰায়ন শৰ্মা, ৺গমলা চাংমাই, ৺যোগেন গগৈ, ৺ঈশনাথ শইকীয়া, ৺বুদ্ধেশ্বৰ গো৺হাই, ৺তিলেন গগৈ, ৺হেম শইকীয়া, ৺পদ্মেশ্বৰ শইকীয়া, ৺লোহাৰাম সুত, ৺চেনীৰাম চায়েঙীয়া, ৺কুণ্ঠনাথ গগৈ, ৺ৰঙাই চাংমাই, ৺কৃষ্ণ দাস, ৺মালভোগ হাজৰিকা, ৺মালভোগ সুত, ৺জয়নাথ গগৈ, ৺প্ৰমোদ হাজৰিকা, ৺জিতেন গো৺হাই, ৺কামেশ্বৰ সুত,  ৺মানিক ফুকন, ৺তৰুণ বৰুৱা, ৺কাশীনাথ দত্ত, ৺বাপুৰাম দত্ত, ৺কালুৰাম চেতিয়া, ৺ভোগেশ্বৰ সুত, ৺গন্ধেশ্বৰ গগৈ, ৺ফণীধৰ গগৈ, ৺সাধিৰাম চাংমাই, ৺ইন্দ্ৰেশ্বৰ শইকীয়া, ৺প্ৰদীপ ভ৺ৰালী, ৺কুল হাজৰিকা, ৺নৱ সিং প্ৰমুখ্যে শতজন আৰু সৰ্বশ্ৰী ভোগেশ্বৰ গোঁহাই, ভোলা হাজৰিকা, ভাবিৰাম কোঁচ, মনবৰ দত্ত, সুৰেণ দাস, মহেন্দ্ৰ বৰুৱা, বিষ্ণু বৰুৱা, চুনী ফুকন, দয়াৰাম ফুকন, যোগেন ফুকন, নৰনাথ হাতীবৰুৱা, ভোলা দত্ত, যজ্ঞোৰাম হাজৰিকা, কনক হাজৰিকা, নৰেন ভঁৰালী, বিহুৱা গোঁহাই, অমূল্য বৰুৱা, ঘনশ্যাম শইকীয়া, ফটিক হাজৰিকা, বিশ্ব গোঁহাই, তীৰ্থ নাথ বৰুৱা, দুলেশ্বৰ ভঁৰালী, তিলক চেতিয়া প্ৰমুখ্যে সেই সময়ৰ উক্ত মহাবিদ্যালয়ৰ প্ৰৱক্তা বৃন্দ, অধ্যয়ন ৰত কেইবাশও ছাত্ৰ আৰু প্ৰত্যেক গাৱঁৰ যুৱক বৃন্দ। এই লোকসকলৰ নাম ইয়াত এই বাবেই দিয়া হ’ল যে, হুঁচৰি গোৱাৰ গইনা লৈ এখেত লোকে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ লগতে শিক্ষাৰ প্ৰদীপটিক পূৰ্ণৰূপ দিছিল। কালৰ বুকুত এই সকল ব্যক্তিৰ অৱদানক মূল্য দিবলৈ আমি পাহৰি যোৱা পৰিলক্ষিত হৈছে।

এতিয়া আহোঁ ঘিলামৰাত অনুষ্ঠিত ৰঙালী বিহুৰ প্ৰসঙ্গলৈ। ঘিলামৰাত ৰঙালী বিহু সন্মিলনৰ জন্ম লগ্ন বৰ দীঘলীয়া নহয়। গাঁৱে গাঁৱে বিহু মৰাৰ পৰম্পৰা থকাৰ কথা আগতেই উল্লেখ কৰা হৈছে। যি খিনি সময়ত বিয়া সমূহ তিনি  দিনীয়াকৈ অনুষ্ঠিত কৰিছিল, সেই সময়ত প্ৰথমৰ দিনটোক টেকেলী দিয়া, দ্বিতীয় দিনটোক গাঁঠিয়ন খুন্দা আৰু তৃতীয় দিনটোক বৰবিয়া বোলা হৈছিল। গাঁঠিয়ন খুন্দাৰ দিনা গাঁৱৰ ডেকাহঁতে বিহু মাৰিছিল অৰ্থাৎ ঢোল, তাল আদি বাদ্যযন্ত্ৰ সংগত কৰি বনগীত গাইছিল আৰু হাত উজাৰি গিৰিজনি মাৰি বিয়াৰ ৰভাৰ তলত বিহু মাৰিছিল। আমন্ত্ৰণ নাথাকিলেও অন্য গাঁৱৰ পাহুৱাল ডেকা সকলে নিজা ববীয়াকৈ বিহু মাৰিবলৈ সুবিধা পাইছিল। তেতিয়াৰ দিনত ইয়াকে বিহু মৰা বোলা হৈছিল। হয়তুবা সেই বিহুৱেই বৰ্ত্তমান ৰঙালী বিহুৰ মূল অলংকাৰ। সমীপৰ বাটমাৰি নামৰ ঠাইখণ্ডত অৱশ্যে কুৰি শতিকাৰ মাজ ভাগতেই বিহু মেলা পতাৰ কথা আমিবোৰে জানো। উক্ত বিহু মেলাত বিভিন্ন খেল-ধেমালি হৈছিল আৰু গাভৰু সকলৰ মাজত টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। হুঁচৰি দল বিলাকেও অংশ গ্ৰহণ কৰিছিল। সেই সময়ত বয়সস্থ লোক সকেলেহে হুঁচৰি গাইছিল আৰু কোনো মহিলাই আজিৰ হুঁচৰি দলত থকাৰ নিচিনাকৈ অংশ গ্ৰহণ কৰা নাছিল। মঞ্চ বিহু নাছিল যদিও দুই-এগৰাকী গায়ক-গায়িকাই বিহু মৰা পথাৰত অৱস্থিত হৰিমন্দিৰত গীত-মাত পৰিবেশন কৰিছিল। তাত অভিনয় আদি কৰাও আমি দেখিছিলোঁ। বাটমাৰি বিহুমেলাৰ আহ্বায়ক সকলে হয়তু ঢকুৱাখনাত পতা ফাটবিহুৰ আৰ্হিত বিহু পাতিবলৈ প্ৰয়াস কৰিছিল। ঢকুৱাখনাৰ ফাটবিহুৰ এক ঐতিহাসিক ইতিহাস আছে। আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ পাৰত এখন ফাট আছিল। ফাট শব্দটো টাই আহোম ভাষাৰ শব্দ। স্থলপথৰ সুবিধা নথকা আহোমৰ ৰাজ্যখণ্ডত ঢকুৱাখনালৈ সুচল জলপথেৰে বণিজ কৰা লোক সকলৰ পৰা আহোম স্বৰ্গদেউৰ প্ৰেৰিত বিষয়া দুৱৰীয়া, বৰদুৱৰীয়া সকলে কৰ বা দান আদায় কৰিবলৈ উক্তস্থানত প্ৰতিবছৰে বাহৰ পাতে। তাৰোপৰি স্বৰ্গদেউক দিবলগা কৰকাটল সমূহো এই বিষয়া সকলে উক্ত স্থানতেই সংগ্ৰহ কৰে। এই শিবিৰকে ফাট বোলে। উক্ত স্থানত  সেয়েহে বেহা-বেপাৰৰ বাবে বজাৰ আদিও বহে। উক্ত ফাট বা হাটত সমীপৰ প্ৰজা গণৰ উপৰিও পাহাৰীয়া লোকসকলে অনা মৌ-সিতা, মিচিমি-তিতা, আদা, কচু, গন্ধকলাই, পেনপেনি আৰু অসমীয়া নাৰীৰ কাণৰ অলংকাৰ জাংফাই আদি বস্তুবোৰ তেওঁলোকৰ প্ৰয়োজনীয় ধান-চাউল (চকলৌ), কপাহী আৰু খোলা-মুগাৰ কাপোৰৰ বিনিময়ত সলাই নিছিল। যিহেতু উক্ত সময়ত বিনিময় প্ৰথাহে আছিল। ফলত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছিল। এই ফাটতেই সমীপবৰ্ত্তী মিচিং আৰু ডেউৰী সম্প্ৰদায়ৰ লোক সকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ জাতীয় কৃষ্টি পৰিবেশন কৰি ফাটলৈ অহা লোক সকলক বিহুৰ ৰস দি সোণত সুৱগা চৰায়। এনুৱা নয়নাভিৰাম দৃশ্য উপভোগ কৰিয়েই হয়তু বাটমাৰি অঞ্চলৰ সেই সময়ৰ লোক সকলে থলীতে উপভোগ কৰিব পৰাকৈ বাটমাৰিত বহাগী মেলা অনুষ্ঠিত কৰিছিল। কিন্তু তেওঁলোকৰ মঞ্চ বিহু নাছিল।  উক্ত বিহুমেলা উপভোগ কৰিয়েই হয়তু বিহুৰ বতৰত ঘিলামৰা দল13নিত বহুতো বিহুৱা দলে বিহু মাৰিছিল।

১৯৬৫-৬৬ চন মানত ঘিলামৰাৰ কেইজনমান উদীয়মান যুৱকৰ বিশেষ কষ্ট আৰু উদ্যোগত ‘যুৱ সংঘ’ এটি গঠন হয়। বৰ্ত্তমান লক্ষীমপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ব্ৰজেন গগৈৰ বিশেষ উদ্যোগত এই যুৱ সংঘই ঘিলামৰাৰ বিহুৰ এটি নতুন ধাৰা প্ৰৱৰ্ত্তনৰ যো-জা চলালে। মঞ্চ বিহু। সেই সময়ৰ ঘিলামৰা হাইস্কুলৰ প্ৰাঙ্গনত টিংপাতৰ ৰভা সাজি এটি অস্থায়ী ৰঙ্গমঞ্চ নিৰ্মাণ কৰা হ’ল। উদ্দেশ্য ৰঙালী বিহু সন্মিলন। বহাগৰ প্ৰথম সপ্তাহতেই বিহু সন্মিলন আৰম্ভ হ’ল। প্ৰতিযোগিতা মূলক উক্ত বিহু সন্মিলনত হুঁচৰি, টকা বিহু, দ্বৈত বিহু, বনগীত, বিহুগীত, ঢোলবাদন, বাঁহী বাদন আদিৰ প্ৰতিযোগিতা পতা হ’ল। ধুমধামেৰে দুদিনীয়াকৈ উক্ত প্ৰতিযোগিতা সমূহ চলিল। ৰাইজৰ ভূয়সি প্ৰশংসা বুটলিবলৈ সমৰ্থ হ’ল। দৰ্শকে একে ঠাইতে বহি বিভিন্ন প্ৰতিযোগিতা প্ৰত্যক্ষ কৰিবলৈ সুবিধা পালে। বয়সস্থ সকলে হুঁচৰি প্ৰতিযোগিতাত অংশ ললে। হুঁচৰিত কোনো যুৱতীয়ে অংশ গ্ৰহণ কৰা নাছিল। বৰ বিহুৱতী, সৰু বিহুৱতীৰ দৰে কোনো প্ৰতিযোগিতা নাছিল, যিটো প্ৰতিযোগিতা বৰ্ত্তমানৰ বিহুমেলা সমূহৰ অপৰিহাৰ্য অংগ। যুৱ সংঘৰ বিশেষ কৰ্ম্মী সকল আছিল  ঁচেনিৰাম সুত – সম্পাদক, ঁতোলেশ্বৰ চুতীয়া, ঁপূৰ্ণ বৰুৱা, ঁনৰনাথ চাংমাই, ঁসত্য নাথ গগৈ, ঁবিপিন ফুকন, সৰ্বশ্ৰী ৰূপীনাথ শইকীয়া, বাবুলাল গগৈ, কুমুদ গোঁহাই, কেশৰাম চাংমাই, তীৰ্থনাথ গগৈ, শশীন্দ্ৰ শইকীয়া, বীৰেন্দ্ৰ নাথ চাংমাই, পৰমানন্দ গগৈ, ভৱেন চাংমাই, হেমন্ত চাংমাই, তিলেশ্বৰ বৰুৱা, পূৰ্ণানন্দ গগৈ, যোগেন বৰুৱা, লীলাৰাম গগৈ, কলীয়া চাংমাই, ইন্দ্ৰেশ্বৰ গগৈ, দণ্ডেশ্বৰ গগৈ, চন্দ্ৰ গগৈ, পূৰ্ণ চাংমাই, বাদল গগৈ, তুলসী চাংমাই, ৰোহিণী শইকীয়া, বগাধনী গগৈকে প্ৰমুখ্যে কৰি বহুতো যুৱক আৰু বিশেষ উপদেষ্টা সকল। এই যুৱ সংঘই চাৰিটামান ৰঙালী বিহু ­­উৎসৱ উদ্যাপন কৰাৰ পিচত ঘিলামৰাৰ ৰাইজে ৰাজহুৱা স্থান ঘিলামৰা শিশু উদ্যানলৈ ইয়াক আদৰি আনিলে। লগে লগে কেন্দ্ৰীয় ভাৱে  বিহু উদ্যাপন কৰাৰ দায়িত্ব ঘিলামৰা উন্নয়ন কমিটিয়ে কান্ধ পাতি লৈ অতি উলহ মালহেৰে বিহু উদ্যাপনৰ ব্যৱস্থা কৰা হ’ল। অস্থায়ী ৰঙ্গ মঞ্চৰ পৰা স্থায়ী ৰঙ্গমঞ্চত উদ্যাপনৰ আৰম্ভণি হ’ল। অসমীয়া লোক বাদ্য সমূহৰ যাদুকৰ সকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সুবিধা পালে। ঢোল, পেঁপা, গগনা, সুতুলী, আদি লোক বাদ্য সমূহৰ প্ৰতিযোগিতাৰ লগতে আৰম্ভ হ’ল হুঁচৰি, জেং বিহু, মুকলি বিহু আৰু যুৰীয়া বিহু নৃত্যৰ প্ৰতিযোগিতা। ইয়াৰ কিছু বছৰৰ পিচত আৰম্ভ হ’ল বৰ বিহুৱতী আৰু বৰ বিহুৱা প্ৰতিযোগিতা। বিহুগীত, বনগীতৰ প্ৰতিযোগিতাও সংযোজন কৰা হ’ল। গাৱেঁ-ভূঞে যোৰীয়া আঁহতৰ তলত বা মুকলি পথাৰত বিহুমৰা সুঠাম গাভৰুহঁতে  মূৰত কপৌফুল গুজি, হাতত গামখাৰু পিন্ধি, মুগা ৰিহা মেখেলাৰে বৰদৈ চিলাজনী হৈ বিহু মঞ্চত বিহু নৃত্য কৰি ৰাইজৰ বিপুল সমাদৰ পাবলৈ ধৰিলে। অবিভক্ত লক্ষীমপুৰ জিলাৰ বচা বচা নাচনীয়ে অংশ গ্ৰহণ কৰি বিহুমেলা  খনত সোণত সুৱগা চৰালে। কম বয়সীয়া নাচনী সকলক উৎসাহিত কৰিবলৈ মাজু বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব লগা হ’ল। এনেকৈ ঘিলামৰা উন্নয়ন কমিটিৰ সৌজন্যত কিছু বছৰ বিহু উদ্যাপন হোৱাৰ পিচত উন্নয়ন কমিটিৰ দুই এক বিষয়ববীয়াৰে হোৱা মতভিন্নতাত বিহু উদ্যাপনৰ প্ৰক্ৰিয়াত বিজুতি ঘটিবলৈ ধৰিলে। মাজতে দুবছৰ মান যুৱ-ছাত্ৰ সকলে নিজাকে বেলেগকৈ বিহু সন্মিলন উদ্যাপন কৰি কেন্দ্ৰীয় ৰঙালী বিহুক জীয়াই ৰাখিলে। এনেকৈ কিছু বছৰ মৰকেলেপ ৰূপত চলি থকা জাতীয় উৎসৱটি পুনৰ সজীৱ কৰিবৰ বাবে বিহু প্ৰেমী ঘিলামৰা ৰাইজে আলচ কৰিব লগা হ’ল। ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিস্তৃত আলোচনাৰ পিচত সিদ্ধান্ত লোৱা হ’ল যে, মৰিবলৈ ধৰা বিহু সন্মিলন খনিক আগৰ অৱস্থালৈ ঘূৰাই অনা হওক আৰু ‘কেন্দ্ৰীয় ৰঙালী বিহু’ নামেৰে উদ্যাপনৰ ব্যৱস্থা লোৱা হওক। ঘিলামৰাত দুখনেই বিহু সন্মিলন হ’ব – কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু বহু বছৰৰ পৰা উদ্যাপন কৰি অহা ‘পশ্চিম ঘিলামৰা বিহু উৰুৱা’ সন্মিলন। ইয়াৰ বাহিৰে ঘিলামৰাত কোনো ৰাজহুৱা বিহু সন্মিলন নাপাতিবলৈ সিদ্ধান্ত ললে। সেয়েহে ২০০০-২০০১ চনত অস্থায়ী মঞ্চ আৰু পেক্ষাগৃহ নিৰ্মাণ কৰি ‘কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন’ৰ প্ৰথম পদক্ষেপ আৰম্ভ হ’ল। এনেকৈ অস্থায়ীভাৱে বিহুমঞ্চ নিৰ্মাণ কৰি তিনি বছৰ মান কটোৱাৰ পিচত ঘিলামৰাৰ বহু কেইজন বিহুপ্ৰেমী ৰাইজৰ অশেষ প্ৰচেষ্টাত বৰ্ত্তমানে বিহু উদ্যাপন কৰা স্থায়ী মঞ্চটিৰ জন্ম লয়। এই ক্ষেত্ৰত বিশেষ আগভাগ লোৱা সেই সময়ৰ ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  ৺দ্বিপেন গগৈক ঘিলামৰাৰ ৰাইজে পাহৰিব নোৱাৰে। অন্যহাতেদি বিহুপ্ৰেমী ৰাইজৰ অনুৰোধ মৰ্মে লক্ষীমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য শ্ৰীযুত ৰত্নেশ্বৰ টাইদ ডাঙৰীয়াই তেখেতৰ জিলা পৰিষদৰ পুঁজিৰ পৰা অনুদান আগবঢ়োৱত এটি স্থায়ী ৰঙ্গমঞ্চ হ’ল য’ত এতিয়া বহু হেজাৰ মানুহে একেলগে উপভোগ কৰিব পৰা বিহু উদ্যাপিত হয়।

অসমীয়া জাতি মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে। যেনেকৈ বহুটো নৈ উপনৈ লগ লাগি ব্ৰহ্মপুত্ৰৰ সৃষ্টি হৈছে, ঠিক তেনেকৈ বহুটো ভাষা-ভাষীৰ জনগোষ্ঠী লগলাগি এখন ফুলাম গামোছা সদৃশ অসমীয়া জাতিৰ সৃষ্টি হৈছে। সকলো জনগোষ্ঠীৰ নিজা নিজা বৈশিষ্ট্য আছে, কৃষ্টি সংস্কৃতি আছে। তথাপি সকলো জনগোষ্ঠী লোকৰ বুকুৰ-কুটুম এই বিহু আৰু বিহুৰ এনাজৰী ডালে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। সেয়েহে আমি আমাৰ বৈশিষ্ট্য ৰক্ষাৰ মূল সূঁতি বিহুটিক পশ্চিমীয়াঢঙৰ পৰা বছাই ৰাখিব লাগিব। বৰ্ত্তমান জগতখন পৰিবৰ্ত্তনশীল, কিন্তু তেনে বুলি আমাৰ কৃষ্টি এই বিহুটিক বিজতৰীয়া হ’বলৈ দিলে আমি নিজৰ জাতিসত্ত্বাক পাহৰি যোৱা হ’ব। আমি খোজ হেৰুৱাই পৃথিৱীৰ মানচিত্ৰৰ পৰা অসমীয়া জাতি বুলি নিঃচিহ্ন হৈ যাব লাগিব। আমাৰ কৃষ্টি প্ৰদৰ্শনৰ থলি মঞ্চলৈ অহাৰ পৰা বিহু উদ্যাপনৰ নামত যে কোনো কোনো ঠাইত টকা পইচা আহৰণত জোৰজুলোম হৈছে, যিয়ে আমাৰ বিহুটোক বক্ৰ দৃষ্টিৰে চাবলৈ শিকাইছে, তাৰবাবেও আমি সজাগ হ’ব লাগিব।

ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৰঙালী বিহু উদ্যাপনৰ এই বছৰ ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষ পালনৰ যি ইতিহাস ৰচনা কৰিছে, উক্ত গৌৰৱ ভৱিষ্যতলৈও অক্ষুন্ন ৰাখিবলৈ আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ।

।। জয়তু ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা

অতিকৈ চেনেহৰ মাকো,

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি

নাপাতি কেনেকৈ থাঁকো।।