শ্ৰী তোষেশ্বৰ চেতিয়া

মই ঘিলামৰা নৰ্থ বেঙ্ক কলেজৰ অধ্যাপক পদত যোগদান কৰা ১৯৭১-৭২ চনৰ আগৰে পৰাও ঘিলামৰাত এখনি উন্নয়ন কমিটি আছিল। আজি ঘিলামৰাৰ কেন্দ্ৰৰ য’ত ঘিলামৰা উন্নয়ন কমিটিৰ তদাৰকীত ঘিলামৰা কৃষ্টিভৱন প্ৰেক্ষাগৃহ-ৰঙ্গমঞ্চ-বজাৰ গৃহ আৰু বিহু কমিটিৰ বিহু মঞ্চ আছে তাত ১৯৬১-৬২ চন মানৰ পৰাই প্ৰায় ৬ বিঘা মাটিত এটা কেঁচা ঘৰ আৰু এটা কমিউনিটি চেন্টাৰ লাইব্ৰেৰী সহ যি ৰাজহুৱা অনুষ্ঠানটো আছিল, তাৰ নাম আছিল চিল্ডেন পাৰ্ক বা শিশু উদ্যান। আধুনিক ঘিলামৰাৰ পিতৃস্বৰূপ শ্ৰদ্ধেয় সতীশ চন্দ্ৰ গগৈৰ নেতৃত্বত আৰু শ্ৰদ্ধেয় কুল প্ৰসাদ গোস্বামী আৰু শ্ৰদ্ধেয় কৃষ্ণ চন্দ্ৰ গগৈ আদিৰ পৃষ্ঠপোষকতাত এদল ত্যাগী আৰু আত্মোৎৰ্সগী পিতৃপুৰুষৰ উদ্যোগত ঘিলামৰাত হাইস্কুল, কলেজ আদি প্ৰতিষ্ঠাৰ লগে লগে ক্ৰীড়া-সংস্কৃতি আৰু সমাজৰ উন্নতিৰ বাবে সেই পৰম দূৰদৰ্শী পিতৃ-পিতামহ সকলৰ প্ৰবল উৎসাহ, সৰল সাহস আৰু অসীম উদ্যমৰ ফলত ঘিলামৰা শিশু উদ্যান গঢ় লৈ উঠিছিল। তেখেত সকলৰ সৰহ বোৰেই এতিয়া প্ৰয়াত, মাথোন শ্ৰদ্ধাৰে স্মৰণীয়।
তেতিয়া মই প্ৰথমে হাইস্কুলৰ আৰু পিচত কলেজীয়া ছাত্ৰ। মনত পৰে চিল্ডেন পাৰ্কৰ দক্ষিণ পশ্চিম কোণত শাল কাঠৰ খুটাৰ, খেৰেৰে চোৱা আৰু বাঁহ ইকৰাৰে বেৰ দিয়া এটা দীঘল-বহল ঘৰ ৰাইজে সাজিছিল। সেই ঘৰটো ৰাজহুৱা পুঁজিৰ বাবে ঘিলামৰা গড় কাপ্তানী (পথ আৰু গৃহ) সংমণ্ডল কাৰ্যালয়ক ভাড়ালৈ দিছিল। ৰাতি সেইটো ঘৰৰ কাষতে ৰভা দি ৰাইজে ভাওনাও কৰিছিল। তাত মাজে মাজে থিয়েটাৰ আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছিল। ঘিলামৰাৰ প্ৰায় সকলো অনুৰাগী লোকেই সেই ভাওনা-থিয়েটাৰ বোৰত সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰিছিল। সেই সকলোৰে নামোল্লেখ সম্ভৱ নহয়। তথাপিও মনত পৰে যে ৰাইজক উৎসাহিত কৰিবৰ বাবেই শ্ৰদ্ধেয় সতীশ চন্দ্ৰ গগৈ আৰু তেতিয়াৰ স্কুলৰ এছ. আই. শ্ৰদ্ধেয় কুন্ত গগৈ আদিয়েও ভাওনাৰ পাৰ্ট লৈ বেচ আমোদৰ খোৰাক যোগাইছিল। মনত পৰে সাংস্কৃতিক নিশা বোৰত তেতিয়াৰ ঢকুৱাখনাৰ পশু চিকিৎসক বৈকুণ্ঠ নাথ গগৈয়ে অতি সুৱদি কণ্ঠেৰে গোৱা সেই গীতটো -“এই বসন্ত। মন অশান্ত। নাই জিৰণী নাই।” সেইজন বৈকুণ্ঠ গগৈয়েই এতিয়া জনপ্ৰিয় অনাতাঁৰ কণ্ঠশিল্পী। আমি ডেকা ছাত্ৰচামেও সেই অভিনয় বোৰত যোগদান কৰিছিলোঁ।
তদুপৰি ফটফটীয়াকৈ এতিয়াও মনত পৰে শিশু উদ্যানৰ চৌহদতে চৰকাৰৰ জনসংযোগ আৰু সামাজিক শিক্ষা বিভাগৰ সাহাৰ্যত এটা সামূহিক পুথিভঁৰাল কেইবাটাও ডাঙৰ ডাঙৰ কাঠৰ আলমাৰী অতি মূল্যৱান পুথিৰে ভৰি আছিল আৰু শ্ৰদ্ধেয় তিলেন্দ্ৰ নাথ গগৈয়ে অতি নিষ্ঠা আৰু শৃংখলাৰে পুথি ভঁৰালটো পৰিচালনা কৰিছিল। চৰকাৰে যোগান ধৰা মাইকৰ যোগেদি উক্ত পুথি ভঁৰালৰ পৰা ৰেডিঅ’ৰ বাতৰি আৰু শিক্ষামূলক কাৰ্যসূচীও নিয়মীয়াকৈ প্ৰচাৰ কৰা হৈছিল। পিচে সৌভাগ্য বা দুৰ্ভাগ্যৰ কথা যিয়েই নহওক লাগে নৰ্থ বেঙ্ক কলেজৰ পুথি ভঁৰালটোৰ সমৃদ্ধি, শিক্ষা বিভাগৰ পৰিদৰ্শকক দেখুৱাৰ স্বাৰ্থত উক্ত ঘিলামৰা সামূহিক কেন্দ্ৰৰ পুথি ভঁৰালৰ আলমাৰি কেইটা কিতাপসহ কলেজলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰাত ঘিলামৰা শিশু উদ্যান সংলগ্ন পুথি ভঁৰালটোৰ ক্ষতি সাধন হ’ল।
সেই সময়ছোৱাত অৱশ্যে ঘিলামৰাত সাহিত্য চচ্ৰ্চাৰ কোনো কেন্দ্ৰ নাছিল। দিবাকৰ শৰ্ম্মাৰ ঘিলামৰা তিলিআলিৰ চিৰিলুইত প্ৰতিষ্ঠানত অধ্যাপক নলিনী কুমাৰ চক্ৰৱৰ্ত্তীচাৰ, তিলেন্দ্ৰ নাথ গগৈ, বি. ডি. অ. চবিউল হুছেইন, মই নিজে আৰু মাজে মাজে স্বভাৱ কবি সৰ্ব্বেশ্বৰ জালভাৰী ফুকন বহি সাহিত্যৰ, বিশেষকৈ নাটক সৰ্ম্পকে আলোচনা কৰিছিলোঁ। চাহ-মিঠাইৰ খৰছ প্ৰায়েই চক্ৰৱৰ্ত্তীচাৰেই বহন কৰিছিল। “দীপ্তিশিখা” আলোচনী আমি তেনেদৰেই উলিয়াইছিলো।
১৯৭১ চনৰ আগৰ কথা এইবোৰ। ১৯৭১ চনত নৰ্থ বেঙ্ক কলেজত যোগদান কৰিয়েই মই আৰু বন্ধু সত্য নাথ গগৈয়ে ঘিলামৰাৰ সামাজিক সাংস্কৃতিক উন্নয়নৰ সৰ্ম্পকে অধ্যক্ষ কেশৰাম বৰুৱাচাৰৰ লগত আলোচনা কৰি সিদ্ধান্তলৈ আহিছিলো যে, শিশু উদ্যান কমিটি আৰু ঘিলামৰা উন্নয়ন কমিটি আদি সকলোকে একেটা মঞ্চ ঘিলামৰা উন্নয়ন কমিটিৰ নেতৃত্বলৈ আনি ঐক্যবদ্ধভাৱে কামকৰা দৰকাৰ। সেই উদ্দেশ্যেৰে স্থানীয় বিভিন্ন জনৰ লগত আলোচনা কৰি আমি তিনিওজনৰ নামত এখন বিশাল ৰাজহুৱা সভা আহ্বান কৰিলো। সভাত আমাৰ বৃহত্তৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰাত ইতিমধ্যেই শিশু উদ্যানৰ সম্পাদকৰ দায়িত্ব বহন কৰি যোৱা তিলেন্দ্ৰ নাথ গগৈ, জগত চন্দ্ৰ গগৈ, মীন গোঁহাই আদিয়ে একে আষাৰেই সন্মতি প্ৰকাশ কৰিলে। অৱশ্যে ঘিলামৰা উন্নয়ন কমিটিৰ তেতিয়াৰ সভাপতি হৰেন্দ্ৰ নাথ গগৈচাৰ আৰু সম্পাদক ঘনশ্যাম শইকীয়াই সামান্য খু-দুৱনি প্ৰকাশ কৰিছিল। তথাপি বিশদ আলোচনাৰ পিচত সৰ্বসন্মত ভাৱে শিশু উদ্যান আৰু উন্নয়ন কমিটিক একত্ৰিত কৰি কেশৰাম বৰুৱাক সভাপতি, মোক সম্পাদক আৰু সত্য নাথ গগৈক যুটীয়া সম্পাদক ৰূপে লৈ ১৯৭২ চনত ঘিলামৰা উন্নয়ন কমিটি গঠন কৰা হয়। উল্লেখযোগ্য যে, তেতিয়াৰ ঘিলামৰা উন্নয়ন কমিটিৰ পৰিসৰ শৈক্ষিক-সাংস্কৃতিকভাৱে বহুল আছিল। সেয়ে ধেনুখনাৰ অচ্যুত দত্ত, শিঙিয়াৰ দীপ্তি শইকীয়া আৰু বৰদৈবামৰ ডিম্বেশ্বৰ পাত্ৰ ১৯৭৮য৭৯ চন মানলৈকে উক্ত কমিটিৰ বিশিষ্ট সদস্য আছিল।
সেইকালৰ ঘিলামৰা উন্নয়ন কমিটি অতি মৰ্য্যদাসম্পন্ন, সৰ্ব্বজন গ্ৰাহ্য আৰু ঘিলামৰাৰ প্ৰায় সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ ন্যায় বিচাৰক স্বৰূপ আছিল। ঠাইখনৰ চৰকাৰী অনুষ্ঠান, চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, মথাউৰি শ্লুইচগেট নিৰ্ম্মাণ, বান সাহাৰ্য বিতৰণ, চেকচেকি গ্ৰেজিঙৰ মাটি বেদখলকলৈ দীঘলী গাওঁ আৰু ঘাঁহি গাঁৱৰ মাজত হোৱা কন্দলৰ মিতমাত কৰাত সহায় কৰা, দুখীয়া কৃষকৰ মাটি মহাজনী বন্ধকৰ পৰা মুকলি কৰি দিয়া, চৰকাৰী-বেচৰকাৰী বিভিন্ন দুৰ্নীতিৰ বিৰোধীতা কৰা আৰু ঘৰুৱা কাজিয়া আৰু ভুল বুজাবুজিৰ মকামিলা কৰি দিয়া কাৰ্যও ঘিলামৰা উন্নয়ন কমিটিয়ে কৰিছিল। বিশেষভাৱে উল্লেখযোগ্য যে, গোটাচেৰেক ৰাজহুৱা কন্দলৰ বিষয় স্থানীয় আৰক্ষী প্ৰশাসনেও উন্নয়ন কমিটিক সমাধানৰ বাবে এৰি দিছিল আৰু বিষয় বোৰৰ সুসমাধানৰ পিচত কমিটিৰ নেতৃবৃন্দক আৰক্ষী চকীলৈ মাতি নি চাহ খোৱাইছিল। স্থানীয় ৰাইজৰ একাংশইও ঘৰুৱা বা পৰিয়ালগত বেমেজালি হ’লে আৰক্ষীৰ ওচৰত গোচৰ দিয়াতকৈ ঘিলামৰা উন্নয়ন কমিটিকহে মীমাংসা কৰিবলৈ দিবলৈ ভাল পাইছিল। এনেবোৰ কাৰ্যৰ পৰাই উন্নয়ন কমিটিয়ে স্থানীয় ৰাইজৰ বিশ্বাস আৰু আস্থা লাভ কৰিব পাৰিছিল।
ইতিমধ্যেই শিশু উদ্যানৰ খেৰৰ ঘৰটো ভাগি পৰাত আৰু সামূহিক কেন্দ্ৰৰ পুথি ভঁৰালটো নোহোৱা হোৱাত বিভিন্ন সভা-সমিতি পতা, ভ্ৰাম্যমান থিয়েটাৰ মঞ্চস্থ কৰোৱা আৰু সাংস্কৃতিক অনুষ্ঠান পতা, আনকি আবেলি বহা-মেলা কৰা স্থান বা ৰাজহুৱা ঘৰ এটা নোহোৱাত বৰ অসুবিধা হৈছিল। চিৰিলুইত প্ৰতিষ্ঠান উঠি যোৱাত বন্ধু বিপিন বৰুৱাই পতা ‘কেতেকী গ্ৰন্থালয়’তে আমি গ্ৰন্থানুৰাগী সকল বহিবলৈ লৈছিলো। মোৰ লগত প্ৰতি আবেলিতেই তাত বহিবলৈ লোৱা সকলৰ ভিতৰত একেবাৰে নিয়মীয়া আছিল গড় কাপ্তানী বিভাগৰ অভাৰচিয়াৰ মনু চুতীয়া। তেঁেৱই চাহ-তামোলৰ খৰছো বহন কৰিছিল। তেওঁক লগ দিবলৈ প্ৰায়েই আহিছিল আন দুজন তেওঁৰ সঙ্গী অভাৰচিয়াৰ লক্ষ্মী প্ৰসাদ বৰুৱা আৰু ই. এণ্ড. ডি.ৰ অভাৰচিয়াৰ চুচেন বৰুৱা। এদিন কথা প্ৰসঙ্গত মনু চুতীয়াই প্ৰস্তাব দিলে আৰু আমি বাকী সকলেও সমৰ্থন কৰিলোঁ যে, আমাক বহাৰ বাবে এটা স্থায়ী ৰাজহুৱা ঘৰ লাগে আৰু সেয়ে হ’ব ঘিলামৰা ৰাজহুৱা ৰঙ্গ মঞ্চ। বন্দোৱস্ত হ’ল যে সেই সময়ত বজাৰত এক কেজি চিমেন্ট পাবলৈ নোহোৱা অৱস্থাত তিনিও অভাৰচিয়াৰে কিবা কৰি ১০ বেগ কৈ চিমেন্ট, তদনুৰূপ শিল, বালি, লো, বল্ডাৰ আদি ‘মেনেজ’ কৰি দিব। এইদৰে¸ ৰাইজৰ শ্ৰমদানেৰে ৰাজহুৱা ৰঙ্গ মঞ্চৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ল।
সেই আছিল পৰৱৰ্ত্তী কালৰ ঘিলামৰা কৃষ্টি ভৱন ৰঙ্গমঞ্চৰ জন্মৰ চেৰাশালী। ফলত ১৯৭৩ চনৰ কোনোবা এদিনা বিশেষজ্ঞৰ জোখমাখেৰে ৰঙ্গমঞ্চৰ আধাৰশিলা স্থাপন কৰা হ’ল। এই ক্ষে ত্ৰত আৰু দুজন গড় কাপ্তানীৰ অভাৰচিয়াৰ লোহিত বৰা আৰু কুমুদ সোনোৱালৰ অৱদানো স্মৰণযোগ্য। অন্য এজন ঘিলামৰাৰ সকলো ক্ষেত্ৰতেই হিতৈষীলোক পূৰ্ণ আগৰৱালাৰ অৰিহণা মনত পেলাবই লাগিব। তেওঁৰ ট্ৰাকখনেৰে বৰদলনিৰ ‘গগৈ’ উপাধিৰ এজন ঠিকাদাৰ, ঘিলামৰাৰ ধনবৰ মহাজনৰ সৈতে চাউলধোৱা গড় কাপ্তানী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা অতি প্ৰতিকুল বতৰতো এক ধৰণৰ জোৰ দি ‘ৰিস্ক’ লৈও ৰঙ্গমঞ্চৰ বাবে চিমেন্ট অতি গোপনে অনা হৈছিল। আগৰৱালাৰ ট্ৰাকৰ ভাড়া দিয়াৰ কথাই নাছিল। বৰঞ্চ দৈহিকভাৱে তেওঁ কষ্টভোগ কৰিব লগা হৈছিল। এনেদৰে আৰম্ভ কৰা ৰঙ্গমঞ্চটো অলপ অলপকৈ ৰাজহুৱা দান-বৰঙণি আৰু ভ্ৰাম্যমান নাট্যদলবোৰ আনি পুঁজি সংগ্ৰহ কৰি নিৰ্মাণ কাৰ্য চলাই থকা হ’ল। অৱশ্যে ইতিমধ্যে জৰুৰী অৱস্থা ঘোষণা কৰাত মই ১৮ মাহৰো অধিককাল আৰু সত্য নাথ গগৈও ৮ মাহ মান জেইলত থাকিব লগা হোৱাত উন্নয়ন কমিটিৰ কাম কাজো প্ৰায় স্থবিৰ হৈ থাকিল। অৱশ্যে ১৯৭৭ চনত জেইলৰ পৰা আহি ঘিলামৰাৰ সামাজিক সাংস্কৃতিক উন্নয়নৰ কাম পুনৰ আৰম্ভ কৰিবলৈ লওঁতেই অসম আন্দোলন আহিল। মোৰ ওপৰত সামাজিক বৰ্জনৰ পৰোৱানা আহিল। ফলত মোৰ অজ্ঞাতেই ৰাজহুৱা সভা পাতি মোক সম্পূৰ্ণ বাদ দি হৰেন্দ্ৰ নাথ গগৈক সভাপতি আৰু খগেন বৰগোঁহাইক সম্পাদক পাতি আগৰ সৰু কমিটিৰ ঠাইত এখন বৃহৎ উন্নয়ন কমিটি গঠন কৰিলে। ইতিমধ্যেই কমিটিয়ে পৰীক্ষা কৰি থোৱা হিচাপ মই কাবৌ-কোকালি কৰি গ্ৰহণ কৰিবলৈ পতা ৰাজহুৱা সভাত ‘মোক জোতাৰ মালা পিন্ধাব লাগে’ বুলি গঞ্জনা কৰি নতুন যুৱ-নেতাই মোক ক্ষমা খুজিব লগা হোৱা বিষম পৰিণামকো নীলকণ্ঠৰ দৰে মই সহ্য কৰিব লগা হ’ল।
তাৰপিচত সম্পূৰ্ণ ৬ বছৰ সমাজৰ পৰা বিছিন্ন হৈ থাকিব লগা হ’লো। অৱশ্যে ইতিমধ্যেই সম্পাদকজনে চৰকাৰী চাকৰিলৈ গুছি যোৱাৰ পিচত তিলক চেতিয়াক সভাপতি আৰু বিপিন বৰুৱাক সম্পাদকৰূপে লৈ নতুন উন্নয়ন কমিটি গঠন হ’ল। এই কালছোৱাত দুটা উল্লেখযোগ্য কাম হ’ল। প্ৰথমটো হ’ল ঘিলামৰা উন্নয়ন কমিটিৰ মাটিৰ সন্মুখত কেঁচা ঘৰ সাজি স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সকলক দোকান দিবলৈ দিয়া। দ্বিতীয়টো হ’ল পকাভেটিৰ ৰঙ্গমঞ্চৰ সন্মুখত শালকাঠৰ খুটা আৰু খেৰেৰে এটা বিশাল প্ৰেক্ষাগৃহ নিৰ্মাণ যাৰ নাম দিয়া হ’ল ঘিলামৰা কৃষ্টি ভৱন। এই ভৱন নিৰ্মাণত অশেষ সাহস-শ্ৰম আৰু ত্যাগ কৰিছিল তেতিয়াৰ উন্নয়ন কমিটি খনৰ উপৰিও অধ্যাপক মানিক শইকীয়া, অধ্যক্ষ কেশৰাম বৰুৱা, অধ্যাপক কৈলাশ শৰ্ম্মা, তিলেন্দ্ৰ নাথ গগৈ, ক্ষীৰেশ্বৰ ফুকন, প্ৰমোদ হাজৰিকা, কুল হাজৰিকা, অধ্যাপক প্ৰসন্ন বুঢ়াগোঁহাই, অধ্যাপক সত্যনাথ গগৈ আৰু অনেক লোকে যিসকল সকলোৰে নামোল্লেখ সম্ভৱ নহয়। কৃষ্টি ভৱন নিৰ্মাণৰ পিচত ঘিলামৰা উন্নয়ন কমিটিৰ এটা মুখ্য কাৰ্যসূচী আৰম্ভ হ’ল, সেয়া হ’ল শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰাৰ অভিনয় – ‘ঘিলামৰা আঞ্চলিক ৰাস অভিনয়ৰ নামত’।
সুদীৰ্ঘ ৬ বছৰৰ পিচত অৰ্থাৎ ১৯৮৪ চনত অসম আন্দোলন স্তিমিত হৈ অহাৰ লগে লগে মোক ক্ৰমে সমাজত সহ্য কৰিব পৰা হ’লত ঘিলামৰাৰ উন্নয়নৰ কামতো সহযোগ কৰিব পৰা হ’লো। বিশেষকৈ কৃষ্টি ভৱনৰ বাঁহ আৰু খেৰৰ ছালখন ভাগি পৰাত ৰাজহুৱা কামত ভীষণ সমস্যাই দেখা দিলে। গতিকে কৃষ্টি ভৱনটো পুনৰ সাজিবৰ বাবে বাঁহ-খেৰ আদি সংগ্ৰহ কৰিবলৈ তেতিয়াৰ কমিটিৰ উপ সভাপতি শৰৎ ফুকনে মোক মাতি অনাত ৰাতি ৰাতি সমগ্ৰ ঘিলামৰাৰ প্ৰায় ১২০ ঘৰ মানুহৰ পৰা খেৰ-বাঁহ সংগ্ৰহ কৰি ৰাইজৰ শ্ৰমদানেৰে পূৰ্বৰ বিশাল ভৱনটোৰ একোঠা কমাই পুনৰ খেৰেৰে চোৱা হ’ল। তাৰবাবে আনকি বৰদৈবাম বাগানৰপৰা খেৰ ট্ৰাকেৰে দান ৰূপে অনা হ’ল। খেৰ-বাঁহ বিচৰাত মোক বিশেষভাৱে সহায় কৰিলে শ্ৰদ্ধেয় ক্ষীৰেশ্বৰ ফুকন, ভোগেশ্বৰ সুত¸ আৰু মীন ফুকন, ৰেৱত হাজৰিকাৰ লগতে অন্যান্য সকলেও। ৰাজহুৱা স্বাৰ্থত তেতিয়াৰ ৰাইজ ত্যাগ কৰিবলৈ সততে সাজু আছিল।
ঘিলামৰা উন্নয়ন কমিটিৰ কামত পুনৰ এনেদৰে লাগি যোৱা দেখি ৰাইজে প্ৰথমে মোক কমিটিৰ উপ সভাপতি আৰু ১৯৮৫ চনত সভাপতি পাতিলে। সম্পাদক পাতিলে কুল প্ৰসাদ গগৈক। ৰাস পতাকে ধৰি অন্যান্য সামাজিক সাংস্কৃতিক কাৰ্যসূচীও পালন কৰা হ’ল যদিও সম্পাদক কুল গগৈ নিজেই আঁতৰি যোৱাত মীন ফুকনক কমিটিৰ সম্পাদক পতা হ’ল। ফলত সভাপতি আৰু সম্পাদকৰূপে মই আৰু মীন ফুকনে প্ৰায় এযুগৰো অধিক কাল ঘিলামৰাৰ সামাজিক সাংস্কৃতিক উন্নয়নৰ কাৰ্যত লাগি গলো। প্ৰথমে চিন্তা কৰিলো কৃষ্টি ভৱনৰ সন্মুখত এখন স্থায়ী তোৰণ নিৰ্মাণৰ বাবে। কমিটিৰ পুঁজি নোহোৱা বাবে শিল-বালি-ৰড-চিমেন্ট-বল্ডাৰ আদি সকলোবোৰ স্থানীয় ব্যৱসায়ী আৰু উদাৰ লোকৰ পৰা সম্পূৰ্ণ দান ৰূপেই সংগ্ৰহ কৰা হ’ল। প্ৰথমে ৰাজমিস্ত্ৰীৰ অভাৱ হৈছিল যদিও সুদক্ষ কাৰিকৰ ৰয় ৰাজমিস্ত্ৰীয়ে বিশেষ মজুৰি নোলোৱাকৈয়ে সুন্দৰ, মজবুত আৰু বহল-ওখ স্থায়ী তোৰণখন নিৰ্মাণত ই কৃষ্টি ভৱনৰ সৌন্দৰ্য বহনো কৰিলে। পৰৱৰ্ত্তীকালত তোৰণৰ মাজত লোহাৰ জপনা দিয়াত উন্নয়ন কমিটিৰ চৌহদ সুৰক্ষিতো হ’ল।
এই কালচোৱাৰ এটা উল্লেখযোগ্য কাম ঘিলামৰা উন্নয়ন কমিটিয়ে কৰিলে। সেয়া হ’ল অতি প্ৰয়োজনীয় ৰাজহুৱা শ্মশানৰ বাবে ঘিলামৰাৰ মাজ ঠাই চেকচেকী গ্ৰেজিঙত প্ৰায় ১২ বিঘামান মাটি সংৰক্ষণ কৰোৱা হ’ল। তাৰ বাবে সোৱনশিৰি চক্ৰৰ চক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিভাগৰ লগত দীৰ্ঘদিন যুঁজ কৰিব লগা হ’ল। তদুপৰি স্থানীয় বেদখলকাৰী মানুহৰ লগতো কঠিন যুঁজ দিব লগা হ’ল। অৱশেষত আনকি উন্নয়ন কমিটিৰ বিষয় ববীয়া, সদস্য আৰু কৰ্ম্মীসকলে নিজেই কেইবাদিনো শ্মশানশালীৰ ওখোৰা-মোখোৰা মাটি সমান কৰা আৰু চাৰিও ফালে কুৰ মাৰি ওখ ঢাপ আৰু দ’ খাৱৈ মাৰিব লগা হ’ল। বেদখলো কমিটিয়ে নিজেই বল প্ৰয়োগেৰে উচ্ছেদ কৰিব লগা হ’ল যাৰ ফলত শ্মশানশালী খন অদ্যাপিও কম-বেছি অক্ষত হৈ আছে।
ঘিলামৰা উন্নয়ন কমিটিয়ে তেতিয়া প্ৰগতিশীল সংস্কৃতিৰ বিকাশৰ বাবে কৃষ্টি ভৱনত আঞ্চলিক বহাগ বিহু সন্মিলন পালন, আঞ্চলিক ৰাস অভিনয় পতা, জ্যোতি দিৱস আৰু ৰাভা দিৱস পালন কৰা নিয়মীয়া বাৰ্ষিক কাৰ্যসূচী হিচাবে গ্ৰহণ কৰিলে। তদুপৰি শংকৰ উৎসৱ, জয়া-লাচিত-চ্যুকাফা, সতী সাধনী আদি বিভিন্ন জাতীয় উৎসৱ পালনৰ বাবে কৃষ্টি ভৱন আৰু ৰঙ্গমঞ্চটো ভাড়াহীন ভাৱে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে বিহু-ৰাস-জ্যোতি-বিষ্ণু দিৱস পালন নিৰবিচ্ছিন্ন ভাৱেই চলি থাকিল। অৱশ্যে লোকচান ভৰাৰ বাস্তৱ কাৰণতেই কেই বছৰমানৰ পিচত ৰাস উদ্যাপন বন্ধ হৈ গ’ল। এই সাংস্কৃতিক কাৰ্যসূচী বোৰত ক্ষীৰেশ্বৰ ফুকন, তিলেন্দ্ৰ নাথ গগৈ, কুল হাজৰিকা, প্ৰমোদ হাজৰিকা, সত্য নাথ গগৈ, নৰ চাংমাই, পৰমানন্দ গগৈ, ৰেৱত হাজৰিকা, ধনী গগৈ, তনু ফুকন আদি অনেকেই মোক আৰু সম্পাদক মীন ফুকনক সহায় কৰিছিল। এই কথাও স্বীকাৰ কৰিব লাগিব যে, তেতিয়া কমিটি গঠন আৰু কাম-কাজ সহজ ভাৱেই চলিছিল আৰু ৰাইজৰ সহযোগো উৎসাহজনকেই আছিল। গতিকে কমিটিৰ কামকাজো স্বচ্ছন্দেই চলিছিল।
নটৰাজ, ষ্টাৰ, অপ্সৰা, জ্যোতিৰূপা আদি ভ্ৰাম্যমান থিয়েটাৰ প্ৰতি বছৰেই একাধিক সংখ্যাত প্ৰদৰ্শন কৰাই পোৱা পুঁজিৰেই ৰঙ্গমঞ্চটো পকাকৈ সম্পূৰ্ণ কৰা আৰু কৃষ্টি ভৱনৰ কেঁচা ঘৰটো মেৰামেতি কৰি যোৱাত অসুবিধা হোৱাত চৰকাৰৰ সহযোগ বিচাৰি স্থানীয় উন্নয়ন খণ্ড আৰু উত্তৰ লক্ষীমপুৰৰ জিলা গ্ৰাম্য প্ৰাধিকৰণ (পি. ডি) কাৰ্যালয়ত ঘিলামৰা উন্নয়ন কমিটিৰ পৰা বাৰে বাৰে ধৰাত আৰু সংশ্লিষ্ট শাসক দলীয় সদস্য মহেন্দ্ৰ বৰুৱাইও সহায় কৰি দিয়াত এটা বৃহৎ প্ৰেক্ষাগৃহৰ বাবে মঞ্জুৰী পোৱাত কমিটিয়ে সদস্য বিজয় হাজৰিকাক তদাৰকীৰ দায়িত্ব দিয়ে। সিং মিস্ত্ৰীৰ দ্বাৰাই প্ৰথমে পকা খুটা খিনি, পিচত ঘৰৰ ছাল, দেৱাল, দুৱাৰ-খিড়িকী আৰু লগতে মঞ্চৰ নিৰ্মাণো স্থায়ীভাৱে সম্পন্ন কৰিব পৰা হ’ল। মজিয়াৰো সৰহখিনি পকা কৰিব পৰা হ’ল।
ইতিমধ্যেই কমিটিৰ সন্মুখত এটা কঠিন সমস্যাই দেখা দিলে, কৃষ্টি ভৱনৰ চৌহদত দোকান দি থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলে কমিটিৰ চৰ্ত্ত মানিবলৈ অপাৰগতা প্ৰকাশ কৰাত। অথচ ঘিলামৰা উন্নয়ন খণ্ডৰ তৰফৰ পৰা স্থায়ী বজাৰ গৃহ (মাৰ্কেটিং চেদ) নিৰ্মাণৰ মঞ্জুৰীও দিছিল। গতিকে প্ৰশাসন আৰু আৰক্ষীৰ পৰোক্ষ সহযোগৰ সাহসত কমিটিয়ে জোৰ কৰিও উচ্ছেদৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ’ল। এই ক্ষেত্ৰত উচ্ছেদকাৰ্য আৰম্ভ কৰিবলৈ গৈ কমিটিৰ সভাপতি মই, সম্পাদক মীন ফুকন, সহ সম্পাদক ৰেৱত হাজৰিকা, ধনী গগৈ আদিয়ে যথেষ্ট ভাবুকী আৰু অদূৰৰ পৰা ঠাট্টা-মস্কৰা ইতিকিঙৰো সন্মুখীন হ’ব লগা হৈছিল। অৱশ্যে পিচৰফালে যথেষ্ট সংখ্যক ৰাইজেও আমাক সহায় কৰিলে। গতিকে ভৱিষ্যতে উন্নয়ন কমিটিৰ মাটিৰ সীমা যাতে ঠেলিব নোৱাৰে তাৰ বাবে গড় কাপ্তানী পথৰ ফালৰ সীমাটোত মাটিৰ ওপৰলৈকে ইটাৰ বেৰ গাঁথি দি নিৰাপদ কৰা হ’ল।
বহু বছৰ নিষ্ঠাৰে, আনকি নিজ খৰছান্ত হৈ, কাম কৰাৰ পিচত সম্পাদক মীন ফুকনে আজৰি ল’ব খোজাত ৰাজহুৱা সভাই মোকেই সভাপতিৰূপে ৰাখি হিৰণ্য হাজৰিকাক ঘিলামৰা উন্নয়ন কমিটিৰ নতুন সম্পাদকৰূপে নিৰ্বাচিত কৰে। কমিটিৰ উদ্যোগতেই ঘিলামৰাত বিজুলী চাকি আৰু টেলিফোন ব্যৱস্থা প্ৰৱৰ্ত্তনত যথেষ্ট ভূমিকা গ্ৰহণ কৰা হয়। কমিটিৰ সম্পাদক হিৰণ্য হাজৰিকাই বিজুলী-টেলিফোন গ্ৰাহক কমিটিৰ সম্পাদকৰূপেও সেৱা আগবঢ়ায়। সেই কাৰ্যকালত কৃষ্টি ভৱনৰ মূল পকা তোৰণৰ দুয়োফালে পকা বজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু কোঠাবোৰৰ পৰিচালনাত বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত কমিটি কিছু কঠিন হ’বলৈ বাধ্য হ’ব লগা হোৱাত কিছু ত্যক্ততাৰ সৃষ্টি নোহোৱাও নহয়। তথাপি বজাৰগৃহ আৰু অন্যান্য শিতানৰ পৰা সংগৃহীত ধনেৰে কৃষ্টি ভৱনৰ তোৰণৰ সংলগ্ন কৰি এটা পকা টিকেট ঘৰ, তোৰণৰ মাজত আৰু কাষত লোহাৰ জপনা, শ্বহীদ বেদীৰ সন্মুখত ইটাৰ আধা পকী বেৰ, কৃষ্টি ভৱনৰ পশ্চিম ফালৰ বাৰাণ্ডাখন, ৰঙ্গমঞ্চৰ দক্ষিণ ফালে অভ্যৰ্থনাৰ বাবে চালি ঘৰ এটা পকা খুটা আৰু টিন পাতেৰে নিৰ্মাণ কৰা হয়। লগতে চৰকাৰী মঞ্জুৰীৰ সাহাৰ্যত ৰঙ্গমঞ্চটোও দুটা মঞ্চীয় (ডাবোল ষ্টেজ) কৰি নিৰ্মাণ কৰোৱা হ’ল।
আমাৰ এই কাৰ্যকালত আঞ্চলিক বিহু সন্মিলন প্ৰতি বহাগ বিহুতেই পাতি অহাৰ লগতে সংস্কৃতিক গাঁৱলৈ লৈ যোৱাৰ কাৰ্যসূচীও লোৱা হ’ল। এনেয়ে কৃষ্টি ভৱনত জন সমাবেশ কম হয় আৰু জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদৰ মহান প্ৰতিভাক গাঁৱৰ মানুহেহে জানিব লাগে বুলি গণ্য কৰি এই দুয়োটা দিৱসকেই গাৱঁত পৰীক্ষামূলক ভাৱে পতাৰ ব্যৱস্থা কৰা হ’ল। গাৱঁৰ ৰাইজৰ সহযোগত নামঘৰত বা স্কুল ঘৰত শ শ মানুহৰ ইমানেই সহাৰি পোৱা হ’ল যে আমি উৎসাহিত আৰু আনন্দিত হৈ পৰিলোঁ। ফলত মইনাপৰা গাওঁ, জালভাৰী গাওঁ, চেতিয়া গাওঁ, ঘাঁহি গাওঁ, ভকত গাওঁ, দেৱলীয়া গাওঁ, ফুকন গাৱঁৰ উজনি চুক আৰু ভাটী চুকত সুকীয়াকৈ, ঘিলামৰা পাব্লিক হাইস্কুল, দীঘলী গাওঁ, যুৱজ্যোতি যুৱ সংঘৰ সহযোগত কান্ত খনিকৰ ছোৱালী হাইস্কুল আদিত প্ৰতিযোগিতা আৰু মুকলি সভাৰে বেচ সফলতাৰে জ্যোতি দিৱস আৰু বিষ্ণু ৰাভা দিৱস পালন কৰি অহা হ’ল। গাৱঁৰ ৰাইজৰ আগ্ৰহ এই ক্ষেত্ৰত অভাৱনীয় আছিল।
অৱশ্যে বিহু মেলা পতাক লৈ ঘিলামৰা উন্নয়ন কমিটিৰ নেতৃত্ব আৰু একাংশ স্থানীয় বিহুপ্ৰেমীৰ মাজত ভালেদিনৰ পৰা কিছু মনোমালিন্য চলি আহিছিল। সেয়া মূলতঃ আছিল নীতিগত। তেওঁলোকে ঘিলামৰা উন্নয়ন কমিটি আৰু কৃষ্টি ভৱনৰ বাহিৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নাম দি তেনে এখন বিহুও পাতিবলৈ ললে। ফলত ঘিলামৰাৰ একেটা কেন্দ্ৰতেই দুখন বিহু সন্মিলন চলি থকাৰ পৰিবেশ এটা ভাল নলগা হ’ল। অৱশেষত সেই কেন্দ্ৰীয় ৰঙালী বিহু পাতিবলৈ কৃষ্টি ভৱনৰ চৌহদত এটা স্থায়ী মঞ্চ নিৰ্মাণৰ বাবে মাটি বিচাৰি ঘিলামৰা উন্নয়ন কমিটিৰ পৰা অনুমোদন বিচৰাত বৃহত্তৰ সাংস্কৃতিক স্বাৰ্থত অনুমোদন দিয়া হ’ল আৰু ঘিলামৰা উন্নয়ন কমিটিৰ প্ৰায় কুৰি বছৰীয়া আঞ্চলিক বিহুসন্মিলনো বাদ দিয়া হ’ল। ফলত উন্নয়ন কমিটিৰ মাটিৰ দক্ষিণ-পশ্চিম ফালে প্ৰথমে কেঁচা ভেটিৰে আৰু পিচত তেতিয়াৰ জিলা পৰিষদৰ সদস্য ৰত্নেশ্বৰ টাইডলৈ অশেষ ধন্যবাদ যে তেওঁৰ প্ৰায় ৩ লাখ টকাৰ সাহাৰ্যৰে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী মঞ্চ নিৰ্মাণ কৰা হ’ল য’ত স্বতন্ত্ৰ ভাৱেই এতিয়াও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন চলি আছে।
পৰিশেষত ২০০৬ চনৰ অেkফাবৰ মাহত ঘিলামৰা উন্নয়ন কমিটিৰ নতুন কমিটি তীৰ্থ নাথ বৰুৱাক সভাপতি আৰু গোলাপ গোঁহাইক সম্পাদকৰূপে লৈ গঠন কৰা হ’ল আৰু এই কমিটিয়ে কৃষ্টি ভৱনত জ্যোতি প্ৰসাদ আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস পালন কৰি আৰু দীৰ্ঘ বিৰতিৰ পিচত যোৱা বছৰ কৃষ্টি ভৱনত বেচ জাকজমকতাৰে শ্ৰীকৃষ্ণ ৰাসলীলা অভিনয় কৰিছে।
গতিকে ১৯৭১য৭২ চনতে ঘিলামৰা উন্নয়ন কমিতিৰ জন্ম দি ১৯৭৮য৭৯ চনলৈকে সম্পাদক, ১৯৮৪ চনত উপ সভাপতি আৰু ১৯৮৫ চনৰ পৰা ২০০৬ চনলৈকে সুদীৰ্ঘ বছৰ সভাপতিৰাপে কমিটিৰ নেতৃত্ব দি ঘিলামৰাৰ সামাজিক সাংস্কৃতিক বিকাশৰ বাবে ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙে কোৱাৰ দৰে ‘প্ৰেটি ডান, আন ডান ভাষ্ট’ – অৰ্থাৎ কৰিলো সামান্য থাকিল অসংখ্য। সেয়ে অক্ষমতাৰ বাবে সকলো দায়দোষ নিশ্চয় হয় যেন মাৰ্জনীয়।