শ্ৰী দিনেশ গগৈ, ঘিলামৰা 

[ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন – ২০০৮ বৰ্ষৰ বহনাত প্ৰকাশিত] সংগ্ৰহহিত শ্ৰী হিৰণ্য হাজৰিকা,আৰু শ্ৰী নৱ চেতিয়া আৰোহণ অফ্চেট প্ৰিন্টাৰ্চ, ঘিলামৰা ।

সময় গতিশীল। সেয়ে সময়ক বোঁৱতী নদীৰ লগত তুলনা কৰা হয়। বোঁৱতী নদীৰ একেখিনি পানীত দুবাৰ গা-ধোৱ নোৱাৰি বুলি কোৱা কথাষাৰি সময়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। এটা সময়ক আমি কেতিয়াও দুবাৰ লগ পাব নোৱাৰো। আন কথাত ক’বলৈ হ’লে, কোনো এটা কথাৰ সঠিক মূল্যায়ন সংঘটিত সময়ৰ প্ৰেক্ষাপটতহে সম্ভৱ। পৰৱৰ্ত্তী সময়ত যি একেদৰে বিচাৰ্য নহ’বও পাৰে। অথচ সময়ৰ ধাৰাবাহিকতাক যিদৰে অস্বীকাৰ কৰিব নোৱাৰি, ঠিক তেনেদৰে অস্বীকাৰ কৰিব নোৱাৰি কোনো এক নিৰ্দিষ্ট সময়ত আৰম্ভ কৰা কাৰ্যৰ ধাৰাবহিকতা ৰক্ষা কৰাটোকো। কাৰণ সি অতীতৰ আলমত বৰ্ত্তমানৰ আপেক্ষিক মূল্যাংকণত সহায় কৰাৰ লগতে, ভৱিষ্যত সম্ভাৱনীয়তাৰো উমান দিব পাৰে। এনে দৃষ্টিকোণৰ পৰা আমি আমাৰ সমাজখনৰ বিভিন্ন ক্ষেত্ৰৰ কাম-কাজৰ লগতে, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিকো বিশ্লেষণ কৰাৰ অৱকাশ আছে।

চ’তে গৈ গৈ বহাগে পালেহি
ফুলিলে ভেৱেলী লতা,
কৈ কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা।

বহাগ মানেই বিহু। বিহু মানেই যেন বহাগ। এনে এক ভাৱৰে ঐতিহাসিক কালৰে পৰা অসমীয়া মানুহে পালন কৰি আহিছে বিহু আৰু বহাগ। বিহুক মূলত কৃষি উৎসৱ বুলিয়ে গণ্য কৰা হয়। কৃষিজীৱি মানুহে শষ্য উভৈনদী হোৱাৰ কামনা কৰিয়ে এনেদৰে বিহু উৎসৱ পালন কৰা বুলি বিশেষকৈ বিশ্বাস কৰা হয়। অৱশ্যে বিহুকেন্দ্ৰীক ৰং-ৰহইচ আৰু আনন্দ-স্ফুৰ্টিৰ স্বতঃৰ্স্ফুট প্ৰকাশৰ প্ৰতিচ্ছবি খন অনুধাৱন কৰিলে এনে এক ধাৰণাও অমূলক নহ’ব যে, মানুহৰ সৃষ্টি কালৰে পৰা এনে উৎসৱ পালিত হৈ আহিছে। বিহু তেনেধৰণৰ লোক উৎসৱৰে অন্য এক নাম আৰু ধাৰাবাহিকতাৰ উদাহৰণ। কাৰণ দুখ-বেজাৰ আৰু হৰ্ষ-বিষাদ ইত্যাদিবোৰ মানুহৰ স্বতঃস্ফুৰ্ট প্ৰকাশ। ইয়াক বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। পোৱা আৰু নোপোৱাৰ হিচাপতে ই বিশেষকৈ চলি থাকে।
যাই হওঁক, সময় পৰিবৰ্ত্তন হ’ল। মানুহৰ সভ্যতা আৰু জীৱন জীৱিকাৰো পৰিবৰ্ত্তন হ’ল। আধুনিক সময় গণনা আৰম্ভ হ’ল। পৃথিৱীৰ অৱস্থিতিৰ লগতে প্ৰাকৃতিক ভিন্নতা ইত্যাদিৰ কাৰণে কৃষিকেন্দ্ৰীক সভ্যতাৰ যুগত মানুহে কৃষি কৰ্মৰ লগতে সুবিধাজনক সময়ত অৰ্থনৈতিক, সামাজিক আৰু ধৰ্ম্মীয় কাৰণতে বিশেষ কিছুমান উৎসৱ পালন কৰিবলৈ ধৰিলে। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত তেনে উৎসৱ পালন বা উদ্যাপন কৰা আমি দেখিবলৈ পাওঁ। ঠিক একে দৰে দেখিবলৈ পাওঁ জাতি, বৰ্ণ আৰু ধৰ্ম্ম ভিত্তিক ভিন্ন সময়ত, ভিন্ন ৰূপত পালন কৰা বহুবোৰ উৎসৱ।
অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজস্ব আৰু স্বকীয় বৈশিষ্ট্য সম্পন্ন কিছুমান উৎসৱ আছে যদিও বছৰৰ তিনিটা সময়ত পালন কৰা কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহুক সকলোৱে এক উমৈহতীয়া উৎসৱ হিচাপে পালন কৰি বিহুক অসমীয়া জাতীয় উৎসৱৰ ৰূপ প্ৰদান কৰাৰ লগতে অসমীয়াৰ জাতীয় সংহতিৰো আধাৰত পৰিগণিত কৰিছে। বহাগ বিহুৰ ভূমিকা এইক্ষেত্ৰত অনন্য আৰু গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে, অসমত পালন কৰা বিহু উৎসৱ বিশেষকৈ বহাগ বিহু বা ৰঙালী বিহু উদ্যাপনৰ ধৰণ কৰণ মূলত কৃষিজীৱি মানুহৰ সময়, সামৰ্থ আৰু ৰীতি-নীতিৰ আধাৰতেই পৰিচালিত। অসমৰ ভৌগোলিক অৱস্থান আৰু জলবায়ু নিয়ন্ত্ৰিত প্ৰাকৃতিক পৰিবেশে বহাগ আৰু বিহুৰ মাজত গঢ়ি উঠা অভিন্ন সৰ্ম্পকত বিশেষ অৰিহণা যোগাইছে। দ’ মাটিৰ আহু ধানে যেতিয়া লহপহীয়া হৈ মলয়াৰ তালে তালে হালি জালি কৰিছিল, তেতিয়া খেতিয়কৰ মনবোৰো আনন্দত নাচি উঠিছিল। তাতে আকৌ বসন্তৰ পৰশত প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। গছত ন-কুঁহিপাত, বিবিধ চৰাইৰ মাত। দেহ-মন চুই যোৱা বিহুৱতী চৰাইৰ বিহুটি বিহুটি মাতৰ লগতে কুলি চৰাইৰ হিয়া জুৰোৱা মিঠা মাতে ডেকা গাভৰুৰ মনত আনন্দৰ জোৱাৰ তুলিছিল। ম’হৰ পিঠিত উঠি কোনোবা পাহুৱাল ডেকাই হিয়া উজাৰি গোৱা গীতৰ কলি আৰু ম’হৰ শিঙৰ পেঁপাৰ সুৰীয়া মাতত হয়তু কোনোবাই বিচাৰি পাইছিল জীৱনৰ সঁচা অৰ্থ। শষ্যৰ পথাৰ দেখি ভৱিষ্যত সফলতাৰ সপোন বিভোৰ খেতিয়ক ডেকাৰ কণ্ঠত পথাৰ কঁপাই নিগৰি আহিছিল হৃদয়ৰ সঁচা গীতবোৰ এনেদৰে –

গুটীয়া ম’হেৰে খেতি মই কৰিলোঁ
নিয়নি দাৱনী নাই,
আই বুঢ়ী মানুহ আহিব নোৱাৰে
ঘৰতে আজৰি নাই।

কৃষি কৰ্ম্মৰ যোগেদি জীৱন নিৰ্বাহ কৰাৰ দিনত কৃষিজীৱি অসমীয়া ডেকাৰ এই গীত তেওঁৰ সঁচা জীৱনৰ, সঁচা অন্তৰৰ, সঁচা অভিব্যক্তি। ইয়াত কৃত্ৰিমতাৰ স্থান নাই। এনেবোৰ মূহুৰ্তত গীতৰ আধাৰত আপোন জনৰ হৃদয়ৰ উমান পোৱা কোনোবা গাভৰুৱেও হয়তু গীতৰ মাজেদিয়েই দিছিল নিজৰ হৃদয়ৰ বতৰা ঠিক একেদৰেই।

যোৱাবেলি আহুধান পানীয়ে মাৰিলে
এইবেলি আহুধান পাম,
এইবেলি বহাগত যাব নোৱাৰিলেও
অহাবেলি বহাগত যাম।

এইবোৰেই হ’ল বিহুগীত। এইদৰেই হৃদয় দিয়া-লোৱাৰ মাধ্যমত পৰিণত হৈছিল বিহু। অসমীয়া জনজীৱনৰ অনেক কথা, অনেক চিন্তা, আচাৰ-বিচাৰ, খোৱা-লোৱাৰ ৰীতি-নীতি মূলতঃ বিহুকেন্দ্ৰীক। অসমীয়া কৃষ্টিৰ মূলতে হ’ল বহাগ বিহু, এইবোৰেই সংস্কাৰিত হৈ সৃষ্টি হ’ল অসমীয়া সংস্কৃতি। সেয়ে বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতিৰ যি বিশেষত্ব আজিও আছে তাৰ বাবে পৰম্পৰাগত ভাৱে পালন কৰি অহা ৰঙালী বিহুটিকে স্বীকাৰ কৰিব লাগিব। অসমীয়া সংস্কৃতিৰ স্বকীয়তাক জীয়াই ৰাখিবলৈ হ’লে ৰঙালী বিহুৰ স্বকীয়তাক জীয়াই ৰখাতো অতিকে প্ৰয়োজন। কিন্তু সময় বাগৰাৰ লগে লগে অসমীয়া সংস্কৃতিৰ বৰঘৰ যেন ক্ৰমান্বয়ে খহিবলৈ লৈছে – এনে বুলি আজি বহুতে আক্ষেপ কৰিবলৈ লৈছে। ৰঙালী বিহুৰ এনে অৱক্ষয়ী অৱস্থাৰ আশংকাতে বিহুত বলীয়া ডেকাই বিহু গীততো ইয়াক প্ৰতিফলিত কৰিছিল।
পটভূমিগত বিশ্লেষণ আৰু পৰম্পৰাগত দৃষ্টিকোণৰ পৰা চালে তেনে আশংকা অস্বীকাৰ কৰিব নোৱাৰি। কৃষিজীৱি গ্ৰামীন সমাজক প্ৰভাৱান্বিত কৰা পৰিবৰ্ত্তনে জনজীৱনৰ গোটেই সংৰচনাটোকে বদলি কৰিছে। তেনে ক্ষেত্ৰত কেৱল ৰিজনীৰ নামত ‘তাহানি’ বোলা কথাষাৰৰ মমাৰ্থ আজিৰ ডেকা-গাভৰুৰ হৃদয়ত অনুৰণন স্বাভাৱিকতে নহ’ব যেন লাগে। আজিৰপৰা চল্লিছ পঞ্চাশ বছৰৰ আগতে পাই অহা গাওঁবোৰ, গাৱঁৰ পৰিবেশ আৰু তেনে পৰিবেশত পালন কৰা ৰঙালী বিহুটি একেদৰে পালিত হওঁক বুলি ভৱা সকলৰ অন্তৰাত্মাই নিজকেহে অশান্তি দিয়াৰ বাদে কাকো যেন ভৱাই নোতোলে। তথাপি কেৱল পৰিবৰ্ত্তনৰ নামতে যদি চেনেহৰ ৰঙালী বিহুটিক আমি অপসংস্কৃতিক গ্ৰাস কৰিবলৈ দিওঁ, তেন্তে অসমীয়াৰ স্বকীয় জাতীয় পৰিচয় বিপন্ন হ’ব আৰু সময়ে হয়তু তাৰবাবে আমাক ক্ষমা নকৰিব।
এই প্ৰসঙ্গত অৱশ্যে বিভিন্ন মাধ্যমত বিজ্ঞসকলে ইতিমধ্যে আলোচনা কৰিছে। গঠনমূলক আলোচনাৰ মাজেদি নতুন আৰু পুৰণাৰ সামঞ্জস্য ৰক্ষাৰ চেষ্টাই এই ক্ষেত্ৰত মংগল জনক হ’ব। কেৱল আধুনিকতাৰ নামত পৰম্পৰাগত ৰঙালী বিহুটিক ব্যাকৰণৰ আধাৰত ৰূপ দিব বিচৰা কথাটো কিছু চিন্তনীয় যেন লাগে। বৰ্ত্তমানৰ প্ৰেক্ষাপতত বিচাৰ কৰিলে এই কথাত কাৰো দ্বিমত নাথাকিব যে, নিজৰ অতিকৈ আপোনজনক সদায় কাষতে পোৱাৰ হেপাঁহত-

কোম্পানী চাকৰি নেলাগে লাহৰি
সময়ত নেপাবা ভাত,
ঘৰতে থাকিবা কাম-বন কৰিবা
সময় চাই লগাবা মাত।

বুলি আহ্বান জনাই গোৱা বিহুগীতৰ গুৰুত্ব একৈশ শতিকাৰ বস্তুবাদী যুগত সম্পূৰ্ণ মূল্য দিব নোৱাৰি। কিন্তু সেইবুলি কেৱল সম্পদৰ কাৰণেই হৃদয় বিহীন বিহুগীতৰ আদৰো নিশ্চয় স্থায়ী নহয়। এই কথা আমি সকলোৱে লক্ষ্য কৰিছোঁ যে, পৰিবৰ্ত্তিত সময়ৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি মানুহৰ আচাৰ -আচৰণবোৰ গঢ় লোৱাৰ লগতে সৃষ্টি হৈছে ডেকা-গাভৰুৰ মনৰ ভাৱ প্ৰকাশক বিহুগীত বোৰ।
‘পাহাৰ বগাই বগাই কপৌফুল’ আনি দিয়া ঢুলীয়া ডেকা আজি আৰু নাই। একেদৰে নাই ফুল পানী চিগাত ঢোলৰ মাত শুনি গছকত যঁতৰ ভঙা সেই ৰাংঢালী গাভৰুও। এইবোৰৰ পৰিবৰ্ত্তে আজিৰ ডেকাই নগৰ বগাই আনি দিয়া দামী ‘মোবাইল হেণ্ডছেট’ৰ মূল্যহে আছে চেনেহীৰ ওচৰত। এইয়া হ’ল ভোগবাদী বজাৰ সৰ্বস্ব অৰ্থনীতিৰে পৰিণতি। বিহুৰ বৰ্ত্তমানৰ গতি-গোত্ৰ দেখিলে এনে ভাৱ হয় যে সময়ৰ গতিত ই সৰ্বসাধাৰণ লোকৰ মাজৰ পৰাই যেন হেৰাই যাব। গাৱঁক কেন্দ্ৰ কৰি জন্মলোৱা বিহু আৰু বিহুক উপলক্ষ কৰি যা-যোগাৰ কৰা চিৰা-পিঠা, জা-জলপানৰ আজি আদৰ নাই। তাৰ ঠাইত বজাৰৰ চিৰা-পিঠাৰ চাহিদা অৱশ্যে বাঢ়িছে। বিহুক কেন্দ্ৰ কৰি বৰ্ত্তমান বিশেষীকৰণৰ চিন্তা-চৰ্চ্চা চলিছে আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰ এখনো গঢ়ি উঠিাছে। এনে প্ৰতিযোগিতাৰ যুগত দুৰ্বল আৰ্থিক অৱস্থাৰ মাজত জীৱন নিৰ্বাহ কৰা সাধাৰণ কৃষক ৰাইজে পৃথক ৰূপত পালিত হ’বলৈ লোৱা বিহুৰ পৰা নিজকে আঁতৰাই ৰখাৰ বিকল্প নাথাকিব।
ৰঙালী বিহুৰ এনে দুখজনক সম্ভাৱনীয়তাৰ কাৰণে ক্ৰমবৰ্দ্ধমান মঞ্চ সংস্কৃতিক বহুতে সহজভাৱে ল’ব নোখোজে। গাৱঁৰ বিহু, নগৰৰ মঞ্চত তুলিলে বুলি আক্ষেপ প্ৰকাশ কৰা আমি নিশ্চয় শুনিছোঁ। তেনেধৰণৰ চিন্তা সত্য নহ’লেও একেবাৰে অমূলকো নহয়। কিন্তু সুক্ষ্ম বিশ্লেষণৰ ভিত্তিত আমি যদি লক্ষ্য কৰোঁ তেন্তে দেখিম যে মঞ্চ বিহুৰ চিন্তাও এসময়ত গাৱঁতে সৃষ্টি। বহাগৰ সাত বিহুৰ লগত সংগতি ৰাখি ঘৰে ঘৰে গাৱঁৰ ডেকাসকলে হুঁচৰি গোৱাৰ লগতে মুকলি পথাৰত বহাগী মেলা, বিহু সন্মিলন, মইনামেল ইত্যাদি নাম দি ল’ৰা, বুঢ়া, ডেকা, গাভৰু সকলোৱে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। ঢোল, পেঁপা, বাঁহী, গগনা, ঢোপখেল, বেজীখেল, চামুচ খেলৰ লগতে বিহুগীত, বনগীত আৰু বিহুনৃত্য প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠিত কৰি উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছিল। এনে ধৰণৰ অনুষ্ঠানত গাৱঁৰ সকলো শ্ৰেণীৰ লোকৰে অংশ গ্ৰহণৰ সুবিধা আছিল। ধনৰ প্ৰাধান্যতাৰ পৰিবৰ্ত্তে মনৰ কথাহে ইয়াত মূল আছিল আৰু ইয়াৰ মাজেদি ভিন্ন সময়ৰ বিহু সংস্কৃতিয়ে পৰম্পৰাগত ভাৱে ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে সাধাৰণ কৃষিজীৱি ৰাইজৰ ভাগি পৰা অৰ্থনীতিয়ে অৰিহণাভি¿Mক পালন কৰা এনেবোৰ অনুষ্ঠানৰ ধাৰাবাহিকতা ৰক্ষা কৰাত বাধাৰ সৃষ্টি কৰিলে। এনে সন্ধিক্ষণতে সমাজৰ কিছু বিত্তৱান নগৰীয়ালোকে অসমীয়া সংস্কৃতিৰ ধাৰক বাহক এই বাপতি সাহোন ৰঙালী বিহুটিক আৰু ইয়াৰ পৰম্পৰাক জীয়াই ৰখাৰ কাৰণেই স্থায়ী মঞ্চৰ দ্বাৰা বিহু উদ্যাপনৰ প্ৰদক্ষেপ গ্ৰহণ কৰিলে বুলি কোৱাৰ স্থল নথকা নহয়।
অসমৰ বিভিন্ন ঠাইত আজি অসংখ্য বিহুমঞ্চই প্ৰতিষ্ঠা লাভ কৰিছে। ১৯৫২ চনতে প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী বিহু মঞ্চই ইতিমধ্যে সোণালী জয়ন্তী অতিক্ৰম কৰাৰ সমান্তৰাল ভাৱে গঢ়ি উঠিছে অনেক বিহুমঞ্চ। একেদৰে অন্যান্য নগৰ চহৰতো এনে বিহুমঞ্চৰ হয় পুনৰুত্থান ঘটিছে, নহয় নতুনকৈ জন্ম হৈছে। অসমৰ অন্যান্য ঠাইৰ নিচিনাকৈয়ে বুৰঞ্জী প্ৰসিদ্ধ ঘিলামৰাতো আজি একাধিক বিহুমঞ্চই প্ৰতিষ্ঠা লাভ কৰিছে। স্থায়ী আৰু ধাৰাবাহিক ভাৱে বিহুমঞ্চ আৰু মঞ্চকেন্দ্ৰীক বিহু উদ্যাপনে সোণালী জয়ন্তীৰ দুৱাৰদলি গৰকিলেও ইতিহাস খুচৰিলে লুপ্ত বা সুপ্ত অৱস্থাত থকা বহু পুৰণি উদাহৰণ হয়তু বিচাৰি পোৱা যাব। অসমত শাস্ত্ৰীয় সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি যোগাবলৈ সক্ষম হোৱা ঘিলামৰাৰ লোক সংস্কৃতি ক্ষেত্ৰখনো অনেক গুণে চহকী। কঢ়া, কুমতীয়া আৰু চামপৰা নদীৰ সংগমস্থল ঘিলামৰা মনোৰম প্ৰাকৃতিক পৰিবেশ পূৰ্ণ এক সংস্কৃতিৱান অঞ্চল হিচাপেই খ্যাত। মূলতঃ কৃষি প্ৰধান অঞ্চলটি এটা সময়ত মাছ, কাছ আৰু চৰাই, পহুৰে পৰিপূৰ্ণ ভোগৰ স্থলী হোৱাৰ আপাহতে ইয়াৰ জনসাধাৰণে বহাগ বিহুক গাঁৱে গাঁেৱ হিয়া উজাৰি পালন কৰিছিল। ঘিলামৰা অঞ্চলটিৰ অৰ্ন্তভূক্তি প্ৰায়বোৰ গাঁৱতে অস্থায়ী মঞ্চত ৰাজহুৱা ভাৱে বহু বছৰৰ আগতে বিহু উদ্যাপন কৰাৰ কথা ৰোমন্থন কৰা শুনিছোঁ। বৰ্ত্তমান সেইবোৰ মঞ্চৰ পৃথক অৱস্থিতি নাই যদিও একাধিক গাওঁ লগহৈ পুনৰ নতুন নতুন নামকৰণেৰে সন্মিলিত ৰূপত ৰাইজৰ মাজত ৰঙালীৰ ৰং বিলাবলৈ প্ৰচেষ্টা লৈছে। শেহতীয়া হিচাপত ঘিলামৰাত বিহুৰ পথাৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা পশ্চিম ঘিলামৰা, বৃহত্তৰ কঢ়াপৰীয়া, চৌখামঘাট, ঘাঁহিগাওঁ বিহুমঞ্চই স্থানীয় নৃত্য শিল্পী আৰু কলা-কৌশলীক তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। উল্লেখযোগ্য যে, বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন কোণত সিচঁৰতি হৈ থকা এইবোৰ মঞ্চক সক্ৰিয় হোৱাত অৰিহণা যোগাইছে ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত স্থায়ীভাৱে উদ্যাপন কৰি অহা আৰু বৰ্ত্তমান সোণালী জয়ন্তী দুৱাৰদলি গৰকা ‘ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে’। বহল ভিত্তিত পালন কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে স্থানীয় নৃত্য শিল্পী আৰু কলা-কৌশলীৰ গীত-মাতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিহুনৃত্য শিল্পী, কলা-কৌশলীকো অঞ্চলটোৰ ৰাইজক পৰিচিত কৰোৱাৰ লগতে উপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিছে। ইয়াৰ ওপৰি ঘিলামৰা ব্যৱসায়ী সন্থাৰ উদ্যোগতো আন এক ব্যতিক্ৰমি বিহু অনুষ্ঠান আজি কেইটামান বছৰৰ পৰা উদ্যাপন কৰি আহিছে। কেৱল বিভিন্ন বিহুমঞ্চত ভিন্ন পৰ্যায়ত স্থান প্ৰাপ্ত নৃত্যশিল্পী সকলৰ অংশ গ্ৰহণৰ সুবিধা থকা উক্ত বিহু অনুষ্ঠানত হীৰা খচিত মুকুতেৰে ‘বিহু সম্ৰাজ্ঞী’ সন্মান প্ৰদান কৰা ব্যৱস্থা হ’ল ইয়াৰ অন্যতম বিশেষত্ব। এনেবোৰ জাক জমকতা পূৰ্ণ বিহু অনুষ্ঠান অনুষ্ঠিত কৰি ঘিলামৰা অঞ্চলত ৰঙালী বিহুক সৰ্বস্তৰৰ ৰাইজে উপভোগ কৰাৰ লগতে অসমৰ সামগ্ৰিক ক্ষেত্ৰখনলৈ নিজৰ অৰিহণা অক্ষুন্ন ৰাখিছে।
যাই হওঁক, মঞ্চ সংস্কৃতি সৰ্ম্পকত বহু ধৰণৰ শংকা, সন্দেহ থাকিলেও বৰ্ত্তমানলৈকে আমি এটা কথা লক্ষ্য কৰিছোঁ যে, ঘিলামৰাত যথা সম্ভৱ নিয়ম শৃংখলতাৰ মাজত বিহুমঞ্চ বোৰ পৰিচালনা কৰিবলৈ উদ্যোক্তা সকলে ত্ৰুটি কৰা নাই। ১৯৮৭ চনত পশ্চিম ঘিলামৰা বিহুমঞ্চত বিচাৰকৰ দায়িত্ব পালন কৰাৰ পৰৱৰ্ত্তী সময়ত প্ৰায়বোৰ বিহুমঞ্চতে বিভিন্ন দায়িত্ব পালনৰ অভিজ্ঞতাৰ আধাৰতে আমি ব্যক্তিগত ভাৱে এই কথা উপলব্ধি কৰিছোঁ। কিন্তু নগৰ-মহানগৰৰ বিহুমঞ্চবোৰৰ চিন্তাক বিভিন্ন ঠাইত আজি যিদৰে অনুকৰণ কৰিবলৈ ধৰিছে তাৰ কুপ্ৰভাৱ সকলোতে যে অদুৰ ভৱিষ্যতে নপৰিব তাক ন দি ক’ব নোৱাৰি। কাৰণ এনেধৰণৰ অন্ধ অনুকৰণত পৰি অৰ্দ্ধ-নগৰীয় আৰু গ্ৰাম্য অঞ্চলৰ বিহুকেন্দ্ৰীক আৰু পৰম্পৰাগত বহু বৈশিষ্ট্য আজি বিলুপ্ত হ’বলৈ ধৰিছে। সামঞ্জস্যপূৰ্ণ নতুন সংযোজন নিশ্চয় আপত্তিজনক নহ’ব। কিন্তু হুঁচৰি, জেংবিহু ইত্যাদি স্বকীয় বিহু অনুষ্ঠানক পৰম্পৰাগত ৰূপত ধৰি ৰখাৰ চেষ্টাও নিশ্চয় প্ৰশংসনীয় হ’ব। অসমৰ সকলো অঞ্চলৰ বিহুমঞ্চ বোৰে নিজৰ নিজৰ অঞ্চলৰ স্বকীয়তাক বৰ্ত্তাই ৰখাৰ প্ৰতি যদি মনোনিবেশ কৰে তেন্তে অসমৰ বাপতি সাহোন ৰঙালী বিহু আৰু ইয়াৰ সংলগ্ন বাদ্য-বাজনা, ঢোলৰ ছেও-চাপৰ আৰু বিহুগীত-নৃত্যৰ ক্ষেত্ৰত থকা ক্ষেত্ৰ ভিত্তিক স্বকীয় বৈশিষ্ট্য বোৰক দেখিবলৈ পোৱাৰ লগতে ই কৌতুহলৰ আৰু আকৰ্ষণৰ কেন্দ্ৰতো পৰিণত হ’ব।